80s toys - Atari. I still have
kkallol.xtgem.com

মুখ্য পৃষ্ঠা


"দুৰ্গা পূজা আৰু কিছু প্ৰাসঙ্গিক চিন্তা"

(১)
বলি নিদিলেও পূজা হয় । বলি মানে আত্ম বলিদান । নিজৰ কুকার্য্য, বেয়া অভ্যাস, দোষণীয় কাম আদিকহে বলি দিব লাগে । জীৱ-জন্তু বলি দিয়া কার্য্যক ধর্ম বুলি নাভাবোঁ । 'যত্ৰ জীৱ তত্ৰ শিৱ' । ক্ষুদ্ৰ বৃহৎ সকলো জীৱৰে শৰীৰত ঈশ্বৰ বিৰাজমান । 'কুকুৰ শৃগাল গর্দভৰো আত্মা ৰাম ...' । সেয়ে জীৱ-জন্তু বলি দিয়া মানে ঈশ্বৰক বলি দিয়া বুলি ভাবোঁ । আমি মাংস খাওঁ । কিন্তু এয়া ধর্ম নহয় । এয়া ব্যক্তিগত অভিৰুচি । আমি মদ খাওঁ, কাজিয়া কৰোঁ,
হিংসা কৰোঁ, বোমাবিস্ফোৰণ ঘটাও, নৰহত্যা কৰোঁ, ধর্ষণ কৰোঁ ...... । কিন্তু এইবোৰ কোনো ধর্মই কৰিবলৈ কোৱা নাই । কিন্তু ধর্মই যদি কৰিবলৈ কয় তেন্তে সেয়া ধর্মহৈ নাথাকিব । পূজাই হওক বা ঈদেই হওক, ধৰ্মৰ নামত জীৱ-জন্তুক হত্যা কৰা কাৰ্য গ্ৰহণযোগ্য নহয় । ওড়িশা (উৰিষ্যা)ত আইন যোগে বলি প্ৰথা বন্ধ কৰিছে ।

(২)
বিহু মানে বিহুগীত, হুঁচৰি গীত । শংকৰদেৱ, মাধবদেৱৰ তিথি অথবা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যিকোনো অনুষ্ঠান মানে বৰগীত, ধৰ্মীয় সংগীত, নাম গান..., 'পাৱে পৰি হৰি...', 'মধু দানৱ দাৰন দেৱ বৰং...' । অষ্ট প্ৰহৰ মানে 'হৰে কৃষ্ণ হৰে ৰাম' । বৈদ্ধ সকলৰ ধৰ্মীয তিথি মানে 'বৈদ্ধং শৰণং গোচ্ছামি' । ঠিক তেনেকৈ শিখ, খ্ৰীষ্টান আদিৰ ধৰ্মীয় উৎসৱতো ধৰ্মীয় সংগীত । ৰথযাত্ৰাত 'জয় জগন্নাথ' । শৈব সকলৰ বোল বোমত 'ওম নমঃ শিৱায়', 'জয় জয় শিৱ শংকৰ' । 'ঈদ, মহৰম, ফাতেহা-ই-দোৱাজ-দাহম মানে 'বিচমিল্লাহ-ইৰ-ৰহমান-ইৰ-ৰহিম'... কোৰাণ পাঠ, জিকিৰ-জাৰী... । আনহাতে দুৰ্গা পূজা মানে বলিউডৰ গান, হলিউডৰ গান । যোৱাবাৰ আছিল 'ৰিবন ফিতা', এইবাৰ 'লুঙ্গি ডেঞ্ছ'ত উন্মাদ । দুৰ্গা পূজা আৰু কালি পূজা মানে মদিৰা , নাৰী শক্তি দুৰ্গাৰ পূজা পূজা মানে ছোৱালী জোকোৱা..., দুৰ্গা পূজা মানে তামাম গতিবেগত বাইক চলোৱা, কিৰিলি পাৰা আৰু দুৰ্ঘটনাত পতিত হৈ জখম হোৱা অথবা মৃত্যু বৰণ কৰা ।

(3)
যিসকলে পৰম্পৰাৰ
দোহাই দি বলি প্ৰথাক
সমৰ্থন কৰে তেওঁলোকলৈ
মোৰ বিনম্ৰ অনুৰোধ যে
বাল্য বিবাহ, সতিদাহ প্ৰথা
আদিৰ পুনঃ প্ৰচলন কৰক । যদি কৰিব পাৰে তেন্তে
আমিও বলি প্ৰথাৰ
বিৰোধিতা নকৰিম ।
দ্ৱিতীয়তে আমি আমাৰ
দৃষ্টিভঙ্গী তথা যুক্তি
মন্তব্যৰে হে ব্যক্ত কৰোঁ ।
কাকো সকিয়নি দি
মতামতৰ গণতান্ত্ৰিক
সাংবিধানিক মৰ্যদাক
খৰ্ব নকৰোঁ ।

ණ কন্দর্পজিৎ কল্লোল